অপূৰ্ব বেজবৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অপূৰ্ব বেজবৰুৱা
জন্ম ১৫ অক্টোবৰ, ১৯৫১
মৃত্যু ৯ ফেব্ৰুৱাৰী, ২০২২ (৭০ বছৰ)[1]
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক
দাম্পত্যসঙ্গী মনিকা বেজবৰুৱা
সন্তান অৰুন্ধতী বেজবৰুৱা (কণ্ঠশিল্পী) , ইলোৰা বেজবৰুৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি শিল্পী বঁটা (২০২০),চাতক সন্মান (২০২১)[2]

অপূৰ্ব বেজবৰুৱা (ইংৰাজী: Apurba Bezbaruah, জন্ম:১৫ অক্টোবৰ ১৯৫১, মৃত্যু : ৯ ফেব্ৰুৱাৰী ২০২২) অসমৰ এগৰাকী কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁক অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ বিহুসুৰীয়া গীতৰ ধাৰাটোৰ বাটকটীয়া বুলি কোৱা হয়।[3] তেওঁ 'মাইজান তোকে দেখা পাই', 'তোৰে মন পাবলৈ চেনাই মই বলিয়া', 'চিলমিল টোপনিতে', 'চাহ গছৰ আঁৰত লুকাই', 'লগ দিয়া কথা আছিল নৈৰে ঘাটত', 'অ’ তৰা মাই বিহুৱান মোলৈ বৈছ’নে নাই', 'চেনাই তোৰ পেঁপাৰে মাত' আদি অলেখ কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা আছিল।[1] তদুপৰি বেজবৰুৱাই প্ৰায় দুই শতাধিক অডিঅ’ কেছেটত কণ্ঠদান কৰিছিল। ২০২২ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে মগজুৰ ষ্ট্ৰোক হোৱাৰ ফলত শিল্পীগৰাকীক সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী দিনা সন্ধিয়া তেওঁৰ দেহাৱসান ঘটে।[1][3]

প্ৰাৰম্ভিক জীৱন

গীতসমূহ

অপূৰ্ব বেজবৰুৱাৰ গীতসমূহ
ক্ৰম গীতৰ শীৰ্ষ এলবাম/কেছেট
কপৌপাহি তোমাৰ খোপাত
কিয় বাৰে বাৰে চকুত পৰে
চাহ গছৰ কোমল পাতত
পৰ্বতৰ ডালিমী আজলী ছোৱালী
পানী অনাৰ চলতেই
তৰাদৈ গাভৰু হ'ল
সাৰথি বিছাৰি কিয়
বিহু বিহু বিহুটি
অ' মাইজান তোকে দেখা পাই
১০ কাষত গাগৰি লৈ

| ১১ || চাহ গছৰ আৰত লুকাই||

তথ্য সংগ্ৰহ