নিচি ভাষা
নিচি ভাষা (ইংৰাজী: Nyishi/nishi Language), ভাৰতৰ অৰুণাচল প্ৰদেশৰ আঠখন জিলা ক্ৰমে ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, পক্কে কেছাং জিলা আৰু অসমৰ দৰং জিলাত প্ৰচলিত তানি শাখাৰ এটা চীন-তিব্বতী ভাষা। এই ভাষা নিচি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰে । ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিচি ভাষীসকলৰ জনসংখ্যা প্ৰায় ৯ লাখ। যদিওবা অঞ্চলভেদে যথেষ্ট তাৰতম্য আছে, নিচিৰ উপভাষাসমূহ যেনে আকাং, আয়া, নিচি (ৰাগা), মিছিং, টাগিন আদি সহজেই পাৰস্পৰিকভাৱে বুজিব পৰা যায়, যথেষ্ট কম জনসংখ্যা থকা বাংনি-বাংৰু আৰু ছলুং উপভাষা অতি কমসংখ্যক লোকে কয় আৰু পূৰ্বৰ উপভাষাসমূহৰ পৰা পৃথক। নিচি কেতিয়াবা পশ্চিমীয়া তানি ভাষাৰ আৱৰণ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।
নিচি এটা বিষয়–বস্তু–ক্ৰিয়া ব্যাকৰণগত ভাষা।[1]
সম্ভাষণ[সম্পাদনা কৰক]
ইংৰাজী | নিচি ভাষা | অসমীয়া |
---|---|---|
I | Kno | মই |
He/She | Mu | সি/তাই |
You | Noh | তুমি/আপুনি |
It/this | C | এইটো |
Hello | Bul, Bule | নমস্কাৰ |
Good morning | Albo arkumch | সুপ্ৰভাত |
how are you? | No al deye?/ No hogub rido? | তুমি কেনে আছা? |
What is your name? | Nak amin nga hogu nga?/ Na amin knahu ga? | তোমাৰ নাম কি? |
What are you doing? | Miu huge miudungdu? | আপুনি কি কৰিছে? |
Thank you | Payalincho | ধন্যবাদ |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Abraham, P. T.. "A Grammar of Nyishi Language". Archived from the original on 22 December 2015. https://web.archive.org/web/20151222115712/http://www.rogerblench.info/Language/South%20Asia/NEI/Tani/Nishi/Linguistics/Nyishi%20grammar%20Abraham%202005.pdf। আহৰণ কৰা হৈছে: 14 December 2015.