ভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰৱেশৰ অনুমতি দিয়া ঘৰুৱা প্ৰব্ৰজন ষ্টাম্প

বিদেশী (সংৰক্ষিত অঞ্চল) আইন, ১৯৫৮ত উল্লেখ কৰা হৈছে যে, ভাৰতৰ কিছুমান অঞ্চল (মূলতঃ উত্তৰ-পূব ভাৰতৰ) ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত এলেকাৰ অনুমতি (PAP)ৰ প্ৰয়োজন।[1] এই অনুমতি পত্ৰ লাভ কৰিবলৈ হ’লে কিছুমান বিশেষ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। এই অঞ্চলসমূহৰ বাসিন্দা নোহোৱা ভাৰতীয় নাগৰিকসকলকো এই স্থানসমূহত প্ৰৱেশ কৰিবলৈ ইনাৰ লাইন পাৰ্মিট (আই এল পি)ৰ প্ৰয়োজন। ইনাৰ লাইন পাৰ্মিট লাভ কৰাটো যথেষ্ট সহজ।

তদুপৰি “বিদেশী (নিষিদ্ধ অঞ্চল) আদেশ, ১৯৬৩’’ত উল্লেখ আছে যে, ভাৰতৰ কিছুমান বিশেষ অঞ্চল ভ্ৰমণ কৰিবলৈ অনা-ভাৰতীয় লোকৰ বাবে নিষিদ্ধ এলেকা অনুমতি (RAP)ৰ প্ৰয়োজন। ২০০৯ চনৰ পৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কিছু অংশ[2] আৰু ছিকিম ৰাজ্যৰ কিছু অংশ ভ্ৰমণৰ বাবে আৰ এ পিৰ প্ৰয়োজন হয়। আৰএপি সাধাৰণতে ব্যক্তিগত ভ্ৰমণকাৰীৰ বাবে উপলব্ধ আৰু বহিঃৰাজ্যৰ দূতাবাসৰ দ্বাৰা বা আনকি কিছুমান ক্ষেত্ৰত যেনে প’ৰ্ট ব্লেয়াৰৰ বীৰ চাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰেও ইয়াক ঠাইতে জাৰি কৰিব পাৰে। ভাৰতীয় নাগৰিকক নিষিদ্ধ অঞ্চল ভ্ৰমণ কৰিবলৈ বিশেষ অনুমতিৰ প্ৰয়োজন নাই।

সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চলৰ তালিকা৷[সম্পাদনা কৰক]

২০১৮ চনৰ মতে,[3]

সংৰক্ষিত অঞ্চল[সম্পাদনা কৰক]

নিষিদ্ধ অঞ্চল[সম্পাদনা কৰক]

পূৰ্বে সংৰক্ষিত আৰি নিষিদ্ধ অঞ্চল[সম্পাদনা কৰক]

সাধাৰণ সংৰক্ষিত এলেকাৰ অনুমতিৰ বাবে প্ৰয়োজন[সম্পাদনা কৰক]

  • পৰ্যটকসকলে কমেও ২ জনীয়া গোটত যাত্ৰা কৰিব লাগিব
  • পঞ্জীয়নভুক্ত ট্ৰেভেল এজেণ্টৰ সৈতে যাত্ৰা কৰিব লাগিব
  • কিছুমান অঞ্চলত কেৱল কিছুমান নিৰ্দিষ্ট প্ৰৱেশ/প্ৰস্থান স্থানৰ অনুমতি দিয়া হৈছে। কিছুমান বিশেষ অঞ্চলত অ-ভাৰতীয়সকলে একেবাৰেই প্ৰৱেশ কৰিব নোৱাৰিব৷
  • পাকিস্তান, বাংলাদেশ, চীন আৰু ম্যানমাৰৰ নাগৰিকে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন লৈহে পিএপি লাভ কৰিব পাৰিব৷

সাধাৰণতে পিএপিৰ সময়সীমা ১০ দিন, আৰু ৭ দিনৰ বাবে বৃদ্ধি কৰাৰ বিকল্প থাকে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই পিএপি জাৰি কৰে। কিন্তু সংশ্লিষ্ট ভাৰতীয় ৰাজ্যসমূহৰ বিভিন্ন কৰ্তৃপক্ষইও পিএপি জাৰি কৰিব পাৰে, লগতে বিদেশত থকা ভাৰতীয় মিছনসমূহেও জাৰি কৰিব পাৰে। সাধাৰণতে ট্ৰেভেল এজেণ্টে পৰ্যটকৰ বাবে পিএপি পোৱাৰ বাবে যাৱতীয় কাম কৰে।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Foreigners (Protected Area Order) (1958)". Aasc.nic.in. http://aasc.nic.in/Acts%20and%20Rules%20(GOA)/Passport%20Deptt/Foreigners%20(Protected%20Areas)%20Order,%201958.pdf। আহৰণ কৰা হৈছে: 2015-07-15. 
  2. https://police.andaman.gov.in/index.php/en/public-information/foreigners/for-foreign-tourist.html
  3. https://www.mha.gov.in/PDF_Other/AnnexVII_01022018.pdf
  4. https://police.andaman.gov.in/index.php/en/public-information/foreigners/for-foreign-tourist.html
  5. Cook, Sharell (23 October 2016). "Information About Permits for North East India". TripSavvy. https://www.tripsavvy.com/permits-for-north-east-india-1539554। আহৰণ কৰা হৈছে: 14 June 2017.