সমললৈ যাওক

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয়
স্থাপিত ২০১৯
ধৰণ ৰাজহুৱা
আচাৰ্য জগদীশ মুখী (অসমৰ ৰাজ্যপাল)
উপাচাৰ্য অধ্যাপক ড॰ নিৰোদ বৰুৱা
স্থান কমলাবাৰী, মাজুলী, অসম, ভাৰত
চৌহদ উপ-চহৰীয়া
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট muoc.ac.in

মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় অসমমাজুলীত অৱস্থিত সংস্কৃতিৰ শিক্ষা আৰু গৱেষণাৰ বাবে স্থাপিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭-ৰ অধীনত স্থাপন কৰিছে।[1] ২০১৮ চনৰ ১৩ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায় ৩০০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া অসমৰ প্ৰথমখন সংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷[2]

২০১৯ চনৰ ১০ জুন তাৰিখে অধ্যাপক ড॰ ডম্বৰুধৰ নাথে বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্যৰ পদবীত নিযুক্তি লাভ কৰে।[3] ডিচেম্বৰ ২০২২ ৰ পৰা অস্থায়ী transit চৌহদৰ পৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে।[4]

তথ্য উৎস[সম্পাদনা কৰক]