শ্যাম চৰণ নেগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্যাম চৰণ নেগী

২০১৭ চনৰ হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনত ভোটদান কৰাৰ পিছত নেগী
জন্ম ০১ জুলাই, ১৯১৭[1]
কল্পা, হিমাচল প্ৰদেশ, কুন্নুৰ৷
মৃত্যু ০৫ নৱেম্বৰ, ২০২২ (১০৫ বছৰ)
কল্পা, কুন্নুৰ, ভাৰত
শিক্ষানুষ্ঠান হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়
পঞ্জাৱ বিশ্ববিদ্যালয়
নেচনেল স্কুল অৱ ড্ৰামা
পেচা শিক্ষক
জনা যায় স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ

শ্যাম চৰণ নেগী (জন্ম:১ জুলাই ১৯১৭ – মৃত্যু: ৫ নৱেম্বৰ ২০২২) হিমাচল প্ৰদেশৰ কল্পাৰ এজন ভাৰতীয় বিদ্যালয়ৰ শিক্ষক আছিল, যিয়ে ১৯৪৭ চনত ভাৰতত বৃটিছ শাসনৰ অন্ত পৰাত ১৯৫১ চনৰ শেষৰ ফালে ভাৰতৰ সাধাৰণ নিৰ্বাচনত প্ৰথম ভোটদান কৰিছিল[2][3] যদিও সেই প্ৰথম নিৰ্বাচনৰ বাবে বেছিভাগ ভোটগ্ৰহণ ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহত হৈছিল; হিমাচল প্ৰদেশত ছমাহ আগতে নিৰ্বাচনৰ ভোটগ্ৰহণ হৈছিল, কাৰণ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত তাত বতৰ বেয়া হোৱাৰ সম্ভাৱনীয়তা থাকে আৰু সেই সময়ছোৱাত প্ৰচণ্ড বৰফ পৰিলে নাগৰিকসকলৰ বাবে ভোট কেন্দ্ৰত উপনীত হৈ ভোটদান কৰাটো অসম্ভৱ হৈ পৰিলহেঁতেন৷[4][5] নেগী ভোটগ্ৰহণকাৰী দলটোৰ এজন সদস্য আছিল আৰু তেওঁ স্পষ্টভাৱে সোঁৱৰণ কৰিছিল যে, তেওঁ প্ৰথমবাৰৰ বাবে শ্বনথং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিছিল আৰু তেওঁৰ ভোটগ্ৰহণকাৰী দলটোৱে পূৰ্বানী – ৰিব্বা – মোৱাৰং – নেছঙত ভোটগ্ৰহণ কৰিবলৈ ১০ দিনৰ বহু দূৰ যাত্ৰা কৰিবলগীয়া হৈছিল। ১৯৫১ চনৰ ২৫ অক্টোবৰত নেগীয়ে প্ৰথম ভোটদান কৰে।[6] ১৯৫১ চনৰ পৰা মৃত্যুৰ আগলৈকে তেওঁ প্ৰতিটো সাধাৰণ নিৰ্বাচনতে ভোটদান কৰিছিল আৰু তেওঁক ভাৰতৰ আটাইতকৈ বয়সীয়াল ভোটাৰৰ লগতে ভাৰতৰ প্ৰথম ভোটাৰ বুলিও বিশ্বাস কৰা হয়।[4][7] শ্যাম চৰণ নেগীয়ে হিন্দী ছবি চনম ৰেতো বিশেষ অভিনয় কৰিছিল।[8]

৩৪ সংখ্যক ভোটদান কৰাৰ মাত্ৰ তিনিদিন পিছতে ২০২২ চনৰ ৫ নৱেম্বৰত ১০৫ বছৰ বয়সত[9][10] নেগীৰ মৃত্যু হয়।[11]

তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত ভাৰত চৰকাৰে নেগীক কল্পাত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে দাহ কৰা হ'ব বুলি ঘোষণা কৰে।[12]

সন্মান[সম্পাদনা কৰক]

২০১০ চনত ভাৰতৰ তেতিয়াৰ মুখ্য নিৰ্বাচন আয়ুক্ত নবীন চাওলাই নিৰ্বাচন আয়োগৰ হীৰক জয়ন্তী উদযাপনৰ অংশ হিচাপে নেগীৰ গাঁও পৰিভ্ৰমণ কৰি তেওঁক সন্মান জনায়।[13]

২০১৪ চনত গুগল ইণ্ডিয়াই এক ৰাজহুৱা সেৱা ঘোষণা প্ৰস্তুত কৰিছিল, য'ত নেগীয়ে স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনত অংশগ্ৰহণৰ কথা কৈছিল আৰু দৰ্শকক ভোটদানৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছিল।[14]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "'Like a Ph.D': How Election Commission tracked India's first voter Shyam Saran Negi after 45 years" (en ভাষাত). Hindustan Times. 29 March 2019. https://www.hindustantimes.com/lok-sabha-elections/lok-sabha-elections-2019-how-election-commission-tracked-india-s-first-voter-shyam-saran-negi-after-45-years/story-bpF85KEglyAs3gwTV3RqmN.html। আহৰণ কৰা হৈছে: 6 April 2019. 
  2. "Independent India's first voter: 100 and ailing, keen to vote in 2019". 5 September 2017. http://indianexpress.com/article/india/independent-indias-first-voter-speaks-shyam-saran-negi-4829351/. 
  3. "India's first voter Shyam Saran Negi casts his vote at Kalpa". 7 May 2014. http://indianexpress.com/article/india/politics/indias-first-voter-shyam-saran-negi-casts-his-vote-at-kalpa/. 
  4. 4.0 4.1 India's first voter in Himachal Pradesh, by Gautam Dhmeer, in the Deccan Herald; published 30 October 2012; retrieved 7 April 2014
  5. "Shyam Saran Negi and the ballot have an age-defying connection" (en-IN ভাষাত). The Hindu. PTI. 6 November 2017. ISSN 0971-751X. https://www.thehindu.com/elections/himachal-pradesh-2017/shyam-saran-negi-and-the-ballot-have-an-age-defying-connection/article19993319.ece. 
  6. "India's first voter fulfils his duty again" (en-IN ভাষাত). The Hindu. PTI. 7 May 2014. ISSN 0971-751X. https://www.thehindu.com/news/national/indias-first-voter-fulfils-his-duty-again/article5985763.ece. 
  7. "India's first voter 100 year old Shyam Saran Negi upbeat to vote once more". The Indian Express. https://indianexpress.com/elections/himachal-pradesh-assembly-elections-2017/indias-first-voter-100-year-old-negi-upbeat-to-vote-once-more-4925381/. 
  8. "India's first voter Shyam Saran Negi set for acting debut in Bollywood". Archived from the original on 23 June 2015. https://web.archive.org/web/20150623121043/http://www.hindustantimes.com/bollywood/india-s-first-voter-set-for-acting-debut-in-bollywood/article1-1292844.aspx। আহৰণ কৰা হৈছে: 7 May 2024. 
  9. Bodh, Anand (5 November 2022). "India's first voter Shyam Saran Negi passes away at 106 in Himachal's Kalpa, to be cremated with full state honour". The Times of India. https://timesofindia.indiatimes.com/city/shimla/indias-first-voter-shyam-saran-negi-passes-away-at-106-in-himachals-kalpa-to-be-cremated-with-full-state-honour/articleshow/95312892.cms. 
  10. "Shyam Saran Negi: Man dubbed 'India's first voter' dies aged 105" (en-GB ভাষাত). BBC News. 2022-11-05. https://www.bbc.com/news/world-asia-india-63527891. 
  11. "India's first voter Shyam Saran Negi dies in Himachal Pradesh" (en-IN ভাষাত). The Hindu. 2022-11-05. ISSN 0971-751X. https://www.thehindu.com/news/national/indias-first-voter-shyam-saran-negi-dies-in-himachal-pradesh/article66099139.ece. 
  12. Binley, Alex (5 November 2022). "Shyam Saran Negi: Man dubbed 'India's first voter' dies aged 105". BBC News. https://www.bbc.co.uk/news/world-asia-india-63527891। আহৰণ কৰা হৈছে: 6 November 2022. 
  13. "Chawla meets independent India's first voter - The Hindu". The Hindu (thehindu.com). 12 June 2010. http://www.thehindu.com/news/national/chawla-meets-independent-indias-first-voter/article453897.ece। আহৰণ কৰা হৈছে: 5 April 2014. 
  14. India's first voter beats Amitabh in virtual world, by Naresh K Thakur, in the Hindustan Times; published 26 March 2014; retrieved 7 April 2014