সাঁচ:ৱিকিপিডিয়া পৰিচিতি
This template is used in Wikipedia:Introduction
![]() |
সহায়:সমল |
পৰিচয় | সম্পাদনাৰ বিষয়ে আৰু জানক | ৱিকিপিডিয়াত বিচৰণ কৰক | সহায়িকা |
ৱিকিপিডিয়া কি?
![Image of Wikipedia showing the edit link above the page title. Screen readers may show this under the "views" heading.](http://upload.wikimedia.org/wikipedia/as/thumb/b/be/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE_%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A6%BE.png/250px-%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE_%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A6%BE.png)
ৱিকিপিডিয়া এখন মুক্ত বিশ্বকোষ। সাধাৰণতে ৱিকিপিডিয়া ব্যৱহাৰ কৰা পাঠকসকলৰ নিচিনা সাধাৰণ মানুহেই পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতা কৰি ৱিকিপিডিয়া লিখি উলিয়াইছে। এনেকৈ লিখাকে সহযোগিতামূলক সংকলন (Collaborative editing) বোলে। ৱিকিপিডিয়াৰ ৱেবছাইটটোত এনে কৰাৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে, যাতে পৃথিৱীৰ যিকোনো স্থানৰে পৰা কৰিব পৰা সহস্ৰাধিক সম্পাদনাকাৰ্যও সকলোৱে একেলগে কৰি থাকিব পাৰে। এনে ৱেবছাইটক "ৱিকি" বোলা হয়। সম্পাদনাৰ ৰেকৰ্ডসমূহ যিকোনো পৃষ্ঠাৰ "ইতিহাস চাওক" "টেব"ৰ পৰা বা শেহতীয়া সালসলনিসমূহ পৃষ্ঠাৰ পৰা চাব পাৰি। ৱিকিপিডিয়াৰ বিষয়ে আৰু ভালদৰে জানিবলৈ ৱিকিপিডিয়াৰ বিষয়ে (ইংৰাজী) চাওক।
আপুনি কেনেকৈ লিখিব?
প্ৰথম কথা: লিখিবলৈ ভয় নকৰিব - যি কোনো ব্যক্তিয়ে ৱিকিপিডিয়াৰ প্ৰায় সকলো পৃষ্ঠাতে লিখিব পাৰে, আৰু আমি তেওঁলোকক সাহসী হ'বলৈ উৎসাহ যোগাইছোঁ! অন্য কামো কৰিব পাৰে - যেনে: বানান, ব্যাকৰণ আদি চাই দিয়া, কোনো এটা প্ৰবন্ধ উন্নত বা সুখপাঠ্য কৰা, নতুন কিবা সংযোগ-বিয়োগ কৰা ইত্যাদি। নতুন তথ্য যদি যোগ কৰিব খুজিছে তেন্তে অনুগ্ৰহ কৰি উপযুক্ত প্ৰসংগ সূত্ৰ যোগ কৰে যেন যাতে প্ৰয়োজন অনুসৰি মিলাই চাব পৰা যায়। (উত্সৰ উল্লেখ আৰু প্ৰামাণ্যতা চাই লওক।) প্ৰাসংগিক তথ্য প্ৰবন্ধৰ আলোচনা পৃষ্ঠাতো লিখিব পাৰে। বিতৰ্ক সৃষ্টি হ'ব পৰা বিষয়ে এনেকৈ আলোচনা কৰি লিখাই ভাল।
ভয় নকৰিব, ৱিকিপিডিয়া আপুনি লিখা কাৰণে "বেয়া" হ'ব নোৱাৰে, কিবা হ'লে ইয়াক সহজতে আগৰ নিচিনা কৰিব পৰা যায়, বা আপোনাক কোনেও গালিও নিদিয়ে। লিখা-মেলাত ভুল হ'লেও পাচত কোনোবাই নিশ্চয় শুধৰাই লিখিব।
আহক, এতিয়াই লিখি নাচায় কিয়?
- ইয়াত ক্লিক কৰি পৰীক্ষাগাৰত হাতে-কামে কৰি চাব পাৰে (যদি তাত আগৰপৰাই কিবা লিখা আছে, তেন্তে সেইবোৰৰ তলত লিখক।)
- বাক্য কেইশাৰীমান টাইপ কৰক।
- আপোনাৰ সালসলনি চাবৰ বাবে খচৰা দেখুৱাওক ক্লিক কৰক আৰু ইয়াত যদি আপুনি সুখী তেন্তে পৃষ্ঠা সাঁচক ক্লিক কৰক।