ৰত্নাকৰ কন্দলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰত্নাকৰ কন্দলী
জন্ম শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক
পেচা বৈষ্ণৱী কবি
উল্লেখনীয় কৰ্মৰাজি সহস্ৰনাম বৃত্তান্ত, স্কন্দপুৰণৰ অনুবাদ 'ব্ৰহ্মগীতা' আৰু 'গীতাকীৰ্তন'

ৰত্নাকৰ কন্দলী শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ গীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক। ৰত্নাকৰ কন্দলীয়েই সম্ভৱতঃ স্কন্দপুৰণৰ অনুবাদ ব্ৰহ্মগীতা আৰু গীতাকীৰ্তনৰো ৰচক। [1]

ৰচনাৱলী[সম্পাদনা কৰক]

ৰত্নাকৰ কন্দলীৰ ৰচনাৱলী তিনিখন বুলি অনুমান কৰা হয়। সেই কেইখন হ'ল-

  1. সহস্ৰনাম বৃত্তান্ত
  2. স্কন্দপুৰণৰ অনুবাদ ব্ৰহ্মগীতা
  3. গীতাকীৰ্তন [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক - সৌমাৰ প্ৰকাশ। ২০১৮, গুৱাহাটী, পৃষ্ঠা ১৫৫
  2. "শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক অনান্য কবিসকল". https://taruraag.blogspot.com/2024/05/other-poets-contemporaries-of-sankaradeva.html.