ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৩৮
![](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e2/Community_health_worker_gives_a_vaccination_in_Odisha_state%2C_India_%288380317750%29.jpg/150px-Community_health_worker_gives_a_vaccination_in_Odisha_state%2C_India_%288380317750%29.jpg)
ভাৰতত মহিলাৰ স্বাস্থ্যক একাধিক সূচকৰ দ্বাৰা পৰীক্ষা কৰিব পাৰি। যেনে: ভৌগোলিক, আৰ্থ-সামাজিক অৱস্থান আৰু সাংস্কৃতিক ইত্যাদি। ভাৰতৰ মহিলাসকলৰ স্বাস্থ্যৰ অৱস্থাৰ সঠিক মাপাংকন কৰিবলৈ অথবা অৱস্থা উন্নীত কৰিবলৈ তেওঁলোকৰ স্বাস্থ্যক বিশ্ব স্বাস্থ্যৰ গড় আৰু ভাৰতৰ পুৰুষৰ লগত তুলনা কৰিব লাগিব। স্বাস্থ্য হৈছে এক গুৰুত্বপূৰ্ণ কাৰক যিয়ে মানৱ কল্যাণ আৰু অৰ্থনৈতিক উত্তৰণত অৰিহণা যোগায়। ভাৰতৰ মহিলাসকল বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে; যাৰ প্ৰভাৱ সামগ্ৰিক অৰ্থনীতিত পৰিছে। স্বাস্থ্যসেৱাত দৃশ্যমান হোৱা লিংগ, শ্ৰেণী বা জাতিগত বৈষম্য সমাধান কৰাটো জৰুৰী। সমান্তৰালভাৱে স্বাস্থ্যৰ ফলাফল উন্নীতকৰণৰ দিশটোৰ লগত গুণগত মানৱ মূলধন সৃষ্টি, সঞ্চয় আৰু বিনিয়োগৰ মাত্ৰা বৃদ্ধি জড়িত হৈ আছে। ... (বিতং ভাৱে পঢ়ক............)