১৫ জুন (ইংৰাজী : 15 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৬৬তম (অধিবৰ্ষ ত ১৬৭তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৯টা দিন বাকী থাকে। বুৰঞ্জী ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
১২১৫ - ইংলেণ্ড ৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
১৬৫৯ - ঔৰংগজেৱ ৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
১৭৫২ - বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল আজিৰ দিনটোতে।
১৮৫৫ - কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম প্ৰেছিডেন্সী কলেজ হয়।
১৯৪৩- কুশল কোঁৱৰ ক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হৈছিল।
১৮৯৯ - দেৱীপ্ৰসাদ ৰায়চৌধুৰী, ভাৰতীয় ভাস্কৰ,চিত্ৰশিল্পী আৰু ললিত কলা একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি। (মৃঃ ১৫/১০/১৯৭৫)
১৯০২ - ৰূপনাথ ব্ৰহ্ম , অসমীয়া কবি, ৰাজনীতিবিদ।
১৯১৬ - হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন , মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ। ছাইমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
১৯২৯ - সুৰাইয়া , ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।
১৯৩২ - লক্ষ্মীনন্দন বৰা , অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
১৯৪০ - আন্না হাজাৰে , ভাৰতীয় সমাজ সংস্কাৰক।
১৯৫০ - ৰবীন বৰুৱা , অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।
১৯৫৩ - ছি জিনপিং , গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি।
১৯৯৫ - মণিকা বাত্ৰা , ভাৰতীয় টেবুল টেনিছ খেলুৱৈ।
১৮৪৯ - জেমছ্ নক্স প'ল্ক, একাদশ মাৰ্কিন ৰাষ্ট্ৰপতি (১৮৪৫-১৮৪৯), নেছভিল টেনত ৫৩ বছৰ বয়সত মৃত্য়ু হৈছিল।
১৯৪৩ - শ্বহীদ কুশল কোঁৱৰ , গোলাঘাটৰ স্বাধীনতা সংগ্ৰামী আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক, ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ।[1]
↑ Assam General Knowledge . Bright Publications. ISBN 978-81-7199-451-9 . http://books.google.com/books?id=reuQbFK9Rz4C । আহৰণ কৰা হৈছে: 21 November 2012 .