১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন (অধিবৰ্ষত ৩১৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৯২৫ - প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য , অসমীয়া গৱেষক, ভাষাবিদ, কবি, অভিধানপ্ৰণেতা।
১৯৩২ - অৰ্চনা শৰ্মা , ভাৰতীয় উদ্ভিদ বিজ্ঞানী।
১৯৪২ - প্ৰবীণ চন্দ্ৰ দাস , অসমীয়া লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক।
১৯৪৮ - বন্দিতা ফুকন , অসমীয়া ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক।
১৯৬১ - মৃদুস্মিতা ফুকন , অসমীয়া প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক।
১৯৭৯ - ভেলেণ্টিন’ ৰ’ছি , ইটালীৰ পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং) প্ৰতিযোগী।
১৯৮৯ - এলিজাবেথ অলচেন , আমেৰিকান অভিনেত্ৰী।
১৯৪৪ - দাদাচাহেব ফাল্কে , ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।
১৯৮৩ - কল্যাণী দাস , ভাৰতীয় বিপ্লৱী।
২০২২ - বাপ্পী লাহিড়ী , ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক।